November 9, 2022

Best Indian Jokes blog

Laughter reduces stress

While humor cannot treat every condition, growing evidence points to the therapeutic benefits of laughter. You can browse through Funny jokes, latest jokes  and reap the benefits of laughter therapy.

Beautiful smile
Bright laughter. Photo: Internet

 

Short-term benefits

A good chuckle has wonderful immediate impacts. Not only does laughing make you feel lighter mentally, but it also causes your body to shift physically. Having fun can:

Energise your organs. Laughter boosts the amount of oxygen-rich air you breathe in, stimulates your heart, lungs, and muscles, and raises the amount of endorphins your brain releases.

Bring on and shut down your stress response. A hearty laugh can raise and then lower your heart rate and blood pressure, as well as start and then stop your stress response. The outcome was a positive, at ease feeling.

Reduce stress. Additionally, laughter can increase blood flow and promote muscular relaxation, both of which might lessen some of the physical signs and symptoms of stress.

Smiling. Jokes. Funny
Keep smiling. Photo: Internet

Long term benefits

Strengthens your immune system. Your body can be impacted by negative thoughts by way of chemical reactions that increase stress levels and lower immunity. Positive thoughts, on the other hand, can really trigger the release of neuropeptides that reduce stress and possibly even more serious ailments.

Alleviate pain. By inducing the body to manufacture its own natural painkillers, laughter may reduce discomfort.

Boost your level of satisfaction. Laughter can also make it simpler to handle challenging circumstances. It also facilitates social interaction.

Boost your mood. Depression affects a lot of people, often as a result of chronic conditions. Laughter can help you feel happy while reducing stress, despair, and anxiety. Additionally, it can raise your self-esteem.


Browse through the latest Indian jokes, funny jokes on internet.

Link: https://gajari.blogspot.com/

November 24, 2013

গৰম কাপোৰ


ঠাণ্ডা দিন পালেহি|
আপোনাৰ হয়তো সিমান ঠাণ্ডা নালাগিব, কাৰণ আপোনাৰ ওচৰত গৰম কাপোৰ আছে|

কিন্তু বহুতৰে ওচৰত হয়তো নাই|
তেওঁলোকে কিনিব নোৱাৰে|

হয়তো আপোনাৰ ওচৰত পুৰণা চুৱেটাৰ বা ফটা কম্বল আছে, যি বোৰ আপুনি চুক এটাত পেলাই থৈছে, নাইবা পুনৰাই কেতিয়াও নিপিন্ধে...|

এটা কাম নকৰে কিয়?
বাটে পথে ঠাণ্ডাত কঁপি থকা কোনো দৰিদ্ৰক (যাক সঁচাকৈয়েই কাপোৰৰ দৰকাৰ), আপোনাৰ পুৰণি চুৱেটাৰ টো দি নিদিয়ে কিয়?

ম‍ই কাইলৈ দিম|
যোৱাবছৰো দিছিলোঁ|

আপুনিও দিব নে?


কোনে তোমাক দুখ দিছিল, কন্দুৱাইছিল- তাক পাহৰি যোৱা|

কোনে তোমাৰ মুখত হাঁহি বিৰিঙাব পাৰিছে, তেওঁক কোনো কাৰণতে তোমাৰ জীৱনৰ পৰা আঁতৰি যাবলৈ নিদিবা!

May 24, 2013

গাখীৰ-বৰষুণ, Assamese short story


গাখীৰ আনিবলৈ আবেলি গুৱালটোৰ ঘৰলৈ গৈছিলোঁ| দুৱাৰত টোকৰ দিয়াৰ দুই মিনিটমান পিছত গাভৰু জীয়েকজনী ওলাই আহিল।


মোক ভিতৰত বহিবলৈ দি তাই এমোকোৰা হাঁহিৰে সতে সৰু মিহি মাত এটা উলিয়াই ক’লে,
"দেউতা নাই, গাখীৰতী গাইজনী লৈ ডাক্তৰৰ ঘৰলৈ গৈছে, উভতি আহোঁতে সাঁজেই লাগিব, কি কৰা যায়?"


তাইক আপাদমস্তক চাই লোৱাৰ পিছত চকুত চকু ৰাখি ম‍ই ক’লোঁ-
"এৰা! কি কৰা যায়?"


ভেন্টিলেটৰটোৰ ফুটাৰে আছাৰকণি সোমাই তাইৰ গালত পৰিলহি। আজি গুৱালৰ ঘৰ আহি পাওঁতে পলম হ’ব; উভতোঁতে পলম হ’ব মোৰো... !

April 9, 2013

দেৱাই


বিহুৰ সময়ত সততে গুৰুত্ব নিদিয়া বহুতো কথাৰ মাজৰে এষাৰ হৈছে- গাৰ বিষ | হয়, Joint Pain, ডিঙি, কঁকাল, বাউসী, মূৰৰ বিষ, এইবোৰৰ পৰা বহুতেই বিহুৰ দিনকেইটাত আৰু পিছত বৰ কষ্ট পায়|

নাপাবও বা কিয়?

গোটেই বছৰটো আৰামী-চকীত বহি, বিছনাত উবুৰি খাই ফেচবুক কৰাৰ পিছত বিহুটি আহিলে ঐ বুলি উৰাই ঘূৰাই দিয়ক বিহু নাচি, কঁকাল ভাঙি, দিয়ক চিঞৰি চিঞৰি বিহুগীত গাই... ! বিহু নাচৰ কোবত কঁকালৰ বিষ, গীতৰ কোবত ডিঙিৰ মাত বহি যোৱাৰ বিষ, ঢোলটো কান্ধত ওলোমাই লৈ ফুৰাৰ বিষ...

এই ফুৰফুৰীয়া বিষবোৰৰ পৰা উপশম পোৱাৰ উপায়?

আছে, আছে... ঈশ্বৰ ইমান নিৰ্দয় নহয়, আৰু আমাৰ পূৰ্বপুৰুষসকলো সিমান উল্লু ডা পঠ্ঠা নাছিল দিয়ক|

গাৰ বিষ মাৰিবৰ বাবেই অসমীয়া প্ৰায়বিলাক জনজাতি আৰু উপ জনজাতিসকলৰ মাজত আছে  উপশম পোৱাৰ "দেৱাই"| আপোনালোকৰ বহুতে হয়তো ব্যৱহাৰ কৰি পাইছে, বহুতেই পোৱা নাই, আৰু বহুতে পাইও নাই পোৱা বুলি ক’ব বিচাৰিব (অৱশ্যে ডেট ইজ এনাদাৰ মেটাৰ)|

এনে ধৰণৰ দেৱাইবোৰ সাধাৰণতে জুলীয়া হয় (ন’ট পনীয়া) আৰু "নেচাৰেল" ৰং আৰু "ইনগ্ৰেডিয়েন্ট" দি হে তৈয়াৰ কৰা হয়| গতিকে আপোনাৰ "চাইড এফেক্ট" টো নহয়েই, বৰঞ্চ আপোনাৰ বিষৰ উপশমৰ লগে লগে আপুনি পুনৰ এপাক বিহু নাচিবলৈ "এগেইন" সাজু হৈ যাব পাৰিব|

নামবোৰ নকওঁ (কাৰণ আই এম ন’ট এন এম.আৰ.)| বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ "দেৱাই" পোৱা যায়| সেয়েহে, এইবাৰ বিহুত নিশ্চয়কৈ "ট্ৰাই" কৰক এই আপুৰুগীয়া "ৰেচিপি"ৰে নিৰ্মাণ হোৱা "দেৱাই"বোৰ আৰু নিজৰ শৰীৰটো "ফিট এণ্ড ফাইন" কৰি ৰাখক|

March 4, 2013

Balmiki Chapter One


Excerpt 



দ্ৰুত গতিত আগুৱাই অহা মানুহটোক ড’জ দি তাৰ শৰীৰটো এক বিশেষ কৌণিক ভংগীমাত বেঁকা হৈ গ’ল…

মানুহটোৱে জোৰেৰে ঘূৰোৱা হকী ষ্টিকডাল তাৰ হাউলি থকা শৰীৰৰ ওপৰেৰে চোঁ-চোৱাই পাৰ হৈ গ’ল…

ষ্টিকডাল পুনৰ চম্ভালিব পৰাৰ আগতেই তাৰ বাওঁভৰিৰ গোৰোহাটো জোতাৰে সৈতে মানুহটোৰ বাওঁগালত সশব্দে পৰিলহি। কেইটা দাঁতৰ সিৰা ছিঙিল ষ্টিক লৈ থকা মানুহটোৱেহে পিছত ক’ব পাৰিব। সমৰকলাৰ ভাষাত এক দুৰ্দান্ত ’ৰাউণ্ড কিক্‍’... সাধাৰণ মানুহৰ শৰীৰে ইমান ম’মেন্টাম থকা কিক সহ্য কৰিব পৰাটো প্ৰায় অসম্ভৱ! এই মানৱ শৰীৰটোৰ ক্ষেত্ৰতো কোনো বতিক্ৰম নঘটিল। কৰ্ফাল খাই ভূলুন্ঠিত হোৱা শৰীৰটোৰ পৰা ছিঙি যোৱা দাঁত আৰু নিগৰি অহা তেজ বাটৰ ধূলিৰ লগত মিহলি হ’ব ধৰিলে।

Read the Entire chapter here: