শান্তনু চাংমাইৰ গল্প
|| ছক্ৰেটিছ ||
(১)
ৰাতিপুৱা উঠি মূখখন এচলু পানীৰে কুলকুলি কৰি, আন এচলু পানী চকুত ছটিয়াই দুৱাৰখন ভিতৰৰ পৰা খুলি পুনৰ বাহিৰৰ পৰা তলা লগাই প্ৰাত:ভ্ৰমণলৈ ওলাই যোৱাটো শইকীয়া দম্পতিৰ দহবছৰীয়া পুৰণি অভ্যাস |এজন এজনকৈ দুয়োৰে ডায়েবেটিছ ডিটেক্ট হোৱাৰ পিছত নিয়মিত ভাৱে ব্যায়াম কৰাটো কিমান জৰুৰী সেয়া বুজি উঠিবলৈ হালৰে বেছিসময় নালাগিল | আমেৰিকালৈ বিয়া দিয়া ডাঙৰ জীয়েকে প্ৰায়ে ফোনত অসমৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি থকা অনীহা আৰু জীৱন-শৈলীক সমালোচনা কৰে | আলহী আহিলেই দিয়া চেনি-চাহ, নাৰিকলৰ লাড়ু, পিঠা নাইবা বিস্কুটে তলে তলে কিমান ক্ষতি সাধন কৰে তাক ভুক্তভোগীয়েহে বুজে | ভাৰত আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সচেতন মানুহে এৰ’বিকছ্, যোগাসন, ক্ৰীড়া নাইবা নৃত্যৰ শ্ৰেণীত নাম লগাই, ভিটামিনৰ বড়ি খাই নিতৌ শৰীৰটোক ঠিকে ৰাখিবলৈ যত্নপৰায়ণ হৈছে- তাৰ তুলনাত অসমৰ মানুহৰ শৰীৰ-সম্পৰ্কীয় চিন্তা-চৰ্চা তেনেই সীমিত |
এই কথাবোৰ আগতে বুজি উঠা হ’লে ডায়েবেটিছৰ দৰে অৱস্থা এটাৰ মাজলৈ নিজৰ দেহাটোক যাবলৈ এৰি নিদিলেহেতেন শইকীয়াই | শইকীয়ানীৰ কথা বাৰু বেলেগ | হোলাৰ ভাই মোলাৰ দৰে বেছিকৈ পঢ়া-শুনা নকৰা শইকীয়ানীয়ে ঘৰৰ চাৰিবেৰৰ মাজতে তাতবাতি কৰি এপদ এপদ কৈ সকলো কামৰ থানথিত লগোৱাটোকে পৰম কৰ্তব্য বুলি ভাবে | স্বামী মহাবিদ্যালয়ৰ পদাৰ্থ-বিজ্ঞানৰ পণ্ডিত অধ্যাপক- ডাঙৰজনী জীয়াৰী সুশীলা আমেৰিকাত ডাঙৰ চাকৰি কৰা ল’ৰা এজনলৈ বিয়া হ’ল, সৰুজনী জীয়েক সুদেষ্ণাই অসমীয়া সাহিত্যত এম.এ. কৰি আছে, মাজে-মধ্যে আলো্চনীবোৰতো প্ৰবন্ধ পাতি লিখি থাকে, তাকে লৈ শইকীয়ানীৰ মনত পৰিতৃপ্তি ব্যাপ্ত হৈ আছে |
পুৱা ওলাই যাওঁতে ভৰিত স্পৰ্টছ জোতা পিন্ধাটো বাধ্যতামূলক কৰি দিছে সুদেষ্ণাই | তাই ঘৰৰ পৰা কিছু আঁতৰত থকা আধুনিক বাণিজ্যিক প্ৰতিষ্ঠানৰ দোকানৰ পৰা জোৰকৈ তিনি তিনি হাজাৰ খৰছ কৰি দুয়োকে দুযোৰ জোতা কিনি দিছে | সাধাৰণ চেণ্ডেল নাইবা জোতাতকৈ এনে জোতা যথেষ্ট আৰামদায়ক আৰু খৰকৈ খোজ কাঢ়িবলৈ সুবিধা | প্ৰথমতে শইকীয়ানীৰ অনভ্যস্ত ভৰিত বৰ অসহজতাৰ সৃষ্টি হৈছিল, কিন্তু কেইদিনমান খোজ কঢ়াৰ পিছত সকলো ঠিক হৈ পৰিছে |
এটা সময় এনে আছিল যেতিয়া এনেকৈ ৰাতিপুৱা পতি পত্নী একেলগে খোজ কাঢ়িবলৈ যোৱাটো আচহুৱা যেন লাগিল হেতেন | কিন্তু বিশ্বায়নৰ প্ৰভাৱত অঞ্চলটোলৈও ভালেখিনি উন্নয়নৰ ছিটিকনি আহিল | ঢেৰ নতুন দোকান পোহাৰ, ৰাস্তা, পকী ঘৰ, দালান, অফিছ আদি কাঠফুলাৰ দৰে গজি উঠিল যোৱা পোন্ধৰ বছৰতে | শইকীয়াহঁতৰ ঘৰৰ কাষতে এখন উদ্যান হ’ল, তাত ৰাতিপুৱা কিছু সংখ্যক মানুহে জ’গিং কৰে, কেইজনমানে একেলগে গোট খাই মাটিত কাপোৰ পাৰি লৈ যোগাসন কৰে, এটা গ্ৰুপে আক’ হাঁহিৰ ক্লাব খুলিছে, কেইজনমান ডেকা-বুঢ়া লগ হৈ জোৰে জোৰে হাঁহে | আবেলি সময়ত সেই পাৰ্কতে চেঙেলীয়া ল’ৰাজাকে ব’ল বেট খেলে | কাৰো কোনো ওজৰ আপত্তি নাই | ডেকা –বুঢ়া সকলোৰে সমানে কামত আহিছে ৰাজহুৱা উদ্যানখন | এক কিলোমিটাৰ মান বাট খোজ কাঢ়ি আহি শইকীয়া দম্পত্তি উদ্যানখনৰ চকীতে পোন্ধৰ-বিশ মিনিট মান বহে, জিৰণি লয়, কথা পাতে |
ছক্ৰেটিছক পোৱাৰ দিনাখনো এক কিলোমিটাৰৰ খোজ কঢ়া সমাপ্ত কৰি দুয়ো উদ্যানৰ ফালে আগুৱাই গৈছিল | ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহ- ঠেটুৱৈ লগা জাৰ | তাতে আগদিনাখনৰ বৰষুণে সেমেকা কৰি ৰাখিছিল বতৰ | উদ্যানলৈ সোমাই যাব পৰা দ্বাৰখনৰ কাষতে ঠেৰেঙা লাগি কুঁ কুঁৱাই পৰি আছিল কুকুৰ-পোৱালিটো | তাক দেখা মাত্ৰকে তালৈ মায়া উপজিল শইকীয়াৰ | থমকি ৰ’ল দুয়ো | শইকীয়া তাৰ কাষলৈ আগুৱাই যোৱা দেখি মানা কৰিব খুজিও শইকীয়ানী ৰৈ গ’ল, সকলো জীৱৰ ভিতৰতে হেনো শ্ৰীৰাম থাকে, তাৰোপৰি স্বামীৰ সকলো কথাতে হয়ভৰ দি অহাতো তেখেতৰ পুৰণি নিয়ম | সেইদিনা আৰু উদ্যানৰ চকীত বহা নহ’ল | পোৱালিটো লগত লৈ দুয়ো ঘৰলৈ উভতি আহিল |
ভালদৰে আপডাল ধৰাত কুকুৰ-পোৱালিটো কিছুদিনৰ ভিতৰতে টনকিয়াল হৈ উঠিল |
মাঘৰ বিহুৰ সময়ত সুদেষ্ণা এসপ্তাহৰ কাৰণে ঘৰলৈ আহিছিল ইউনিভাৰ্ছিটী হোষ্টেলৰ পৰা | তায়েই তাৰ নাম থ’লে ছক্ৰেটিছ- সাহিত্যিক জীয়েকে কৰা এনে অদ্ভূত নামকৰণত প্ৰথমে কিছু আচৰিত যেন পালেও দুদিনতে সকলোৱে তাক সেই নামে্ৰেই মতাটো অভ্যাসত পৰিণত হ’ল |
দুমাহৰ ভিতৰতে ছক্ৰেটিছ ঘৰৰ সদস্যৰ দৰে হৈ পৰিল | সকলো কামতে শইকীয়ানীৰ পিছ নেৰা হ’ল সি, পাৰিলে যেন কিবা কিবি কামত সহায় কৰিহে দিব | ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁতেও সি কেতিয়াবা আগে আগে কেতিয়াবা পিছে পিছে দৌৰি যোৱা হ’ল | ৰাস্তাত অন্য কুকুৰ দেখিলে তাৰ সৰু মাতটোৰেই ফেপেৰি পাতি ধৰে, বাকী কুকুৰবোৰে তাৰ কলিজা দেখিয়ে পিছলৈ তাৰ লগত লাগি নোলোৱা হ’ল |
(২)
সুশীলা যেতিয়া কণমানিজনীক লৈ ফুৰিবলৈ আহিল, ছক্ৰেটিছৰ বয়স আঢ়ৈ বছৰ | দুবছৰীয়া কণমানিজনীয়েও তাৰ লগত এনেদৰে খেলত মত্ত হ’ল যেন সি তাইৰ বহুদিনৰ চিনাকি হে | সুশীলা পোন্ধৰ দিনৰ বেছি নাথাকিল মাকৰ ঘৰত | পোন্ধৰ-বিশদিন শহুৰেকৰ ঘৰত নাথাকিলেও কৰ্তব্য সমাপন নহয় | গিৰিয়েক প্ৰমোদে যেনেতেনেহে এমাহ সময় উলিয়াই আহিছিল | ইমান দূৰৰ পৰা সতকাই ইচ্ছা থাকিলেও আহিব নোৱাৰি | নাতিনীয়েকক ককাক-আইতাকৰ মূখ দেখুৱাবলৈকে তেওঁলোক যেনেতেনে কাম খতি কৰি হ’লেও আহিছিল- আকৌ দুনাই কেতিয়া আহিব পাৰিব তাৰ কোনো নিশ্চয়তা নাই | ছুটীৰ শেষত চকুপানী টুকি টুকি এয়াৰপৰ্টত মাকহঁতৰ পৰা বিদায় লৈ সিঁহত গ’লগৈ | সেইদিনা সন্ধিয়া কোনেও ভাত নাখালে, ছক্ৰেটিছেও তাৰ থালখনত মুখেই নলগালে |
সুদেষ্ণাই বি. এড. কৰি ওচৰৰ মহাবিদ্যালয় খনতে খাটি আছে | কলেজখন প্ৰতিষ্ঠা কৰা বাৰ বছৰেই হ’লহি যদিও চৰকাৰী ভাৱে গৃহীত হোৱাগৈ নাই | মাহেকৰ মূৰত প্ৰশাসকসকলে সামান্য কিবা এটা মাননি হিচাপে দিয়ে, তাই তাতেই সন্তুষ্ট | মাক-দেউতাকক সংগ দিবৰ বাবেহে তাই কোনো চৰকাৰী কলেজত চাকৰিৰ বাবে দৰ্খাস্ত দিয়া নাই | প্ৰবন্ধ-গল্প লিখি মাজে মাজে তাই দুটকামান পায়, ৰাতিপুৱা দুজনীমানক ঘৰতে টিউছনো পঢ়াই দিয়ে | দেউতাকে সঞ্চয় কৰি থোৱা টকা আৰু পলিচিকেইখনৰ বাবে তাই কেতিয়াও আকাল অনুভৱ কৰিব লগীয়া হোৱা নাই |
ৰাতিপুৱা ৰাতিপুৱা শইকীয়া দম্পত্তিৰ ৰুটিন একেই চলি আছে | ৰিটায়াৰ হোৱাৰ পিছত স্বাস্থ্যৰ প্ৰতি বেছিকৈ চকু দিবলৈ লৈছে শইকীয়াই | দোমোজাত পৰিছে ছক্ৰেটিছহে | কেতিয়াবা সি শইকীয়াহঁতৰ লগতে দৌৰি ওলাই যায়, কেতিয়াবা ঘৰতে থাকি সুদেষ্ণাক পহৰা দিয়ে | কিছুমান দিনত সি দৌৰি ওলাইও যায়, কিন্তু আকৌ আদবাটৰ পৰাই লৰি লৰি উভতি আহে |
ঘুৰি আহিলে সি দেখে হয় সুদেষ্ণাই ফুলৰ টাবত পানী দি আছে নহ’লে কফি একাপ লৈ বাৰাণ্ডাতে বহিছেহি | তাক দেখাৰ লগে লগে হাঁহি এটা মাৰি তাই “আহ ছক্ৰেটিছ আহ, ল’ বিস্কুট খা” বুলি নিজে খাই থকা বিস্কুটকে তাক খাবলৈ দিয়ে | সি লগে লগে নাখায়, তাইৰ মুখলৈ চাই থাকে – তাৰ অৰ্থ হ’ল, সি খকুৱাৰ দৰে কেৱল বিস্কুট খাবলৈকে দৌৰি দৌৰি উভতি অহা নাছিল |
“খাবি নে পেলাই দিওঁ?” বুলি সুদেষ্ণাই ভেকাহি মাৰি তাক দ্বিতীয়বাৰ কোৱাৰ পিছত হে সি লাইনলৈ আহে | নেজ লৰাই লৰাই সি লাহে লাহে লাজ লাজকৈ বিস্কুট খাবলৈ ধৰে | তাৰ মুৰত সুদেষ্ণাই হাত ফুৰাই দিলে সি খুব ভাল পায়- তেতিয়া আৰু তাক একো নালাগে, চকু মুদি সি সপোন দেখিবলৈ আৰম্ভ কৰে- এখন চাইকেল সুদেষ্ণাই চলাই গৈ আছে, আগফালে বাস্কেটত সি কুঁকুৱাই মজা লৈ বহি গৈ আছে | অতীতৰ ঘটনাকে সি সপোন বুলি দেখা পায় | সি সৰু হৈ থাকোঁতে সুদেষ্ণাই তাইক তেনেকৈয়ে ফুৰাইছিল আবেলিৰ সময়কণত | তেতিয়াৰ পৰাই তাইৰ প্ৰতি তাৰ ৰোমান্টিক টান এটা আছে | তাই যিমান টানকৈ ক’লেও সি বেয়া নাপায়, আনহাতে শইকীয়াই কিবা কথাত হুমকি দিলেও তাৰ পেটলৈ ভাত নোযোৱা হয় |
“ছক্ৰেটিছ, ব’ল মোক কলেজত থৈ আহিবিগৈ”- একেজাঁপতে সি যাবলৈ সাজু হয় | পঢ়াবলৈ লোৱাৰ পিছত চাইকেল নচলোৱা হ’ল সুদেষ্ণাই- প্ৰফেছৰ হ’লে হেনো অলপ গহীন গম্ভীৰ হ’ব লাগে | খৰকৈ খোজ কাঢ়িলে কলেজলৈ পোন্ধৰ-বিশ মিনিটৰ হে বাট | উদ্যানখন পোৱাৰ আগতেই সোঁফালে কাটি যোৱা গলিটোৰে যাব লাগে কলেজলৈ | ছক্ৰেটিছ কেতিয়াবা পিছে পিছে, কেতিয়াবা আগে আগে যায় সুদেষ্ণাৰ সতে | তাই গেটৰ ভিতৰলৈ সোমায়- সি বাহিৰতে ৰৈ চাই থাকে | পাঁচ মিনিট মান ইফাল সিফাল কৰাৰ পিছত সি ঘৰলৈ উভতি আহে | ঘৰলৈ আহিও ৰিপৰ্ট কৰিবহি লাগে |
“ছক্ৰেটিছ, আহিলিয়েই নে ইমান সোনকালে? যা-চোন, পিছফালে হাঁহকেইটা পুখুৰীত আছে নে নাই চাই আহগৈ” শইকীয়াৰ কথাত একে লৰে সি পুখুৰীৰ পাৰ পায়গৈ | হাঁহ বাৰটা- সিঁহতে তাক কেৰেপকে নকৰে | সি ভুকিলেও টাঁত টাঁতকৈ নিজৰ মাজতে মহলা মৰাত সদায় ব্যস্ত হৈ থাকে সিঁহত | কুকুৰা কেইটাই অৱশ্যে তাক বাৰুকৈয়ে ভয় কৰে | বিশেষকৈ ইফালে সিফালে চাই ঘুৰি ফুৰা ডাকোৱালটোক ভালদৰেই ভয় খুৱায় সি- কেতিয়াবা চোঁচা মাৰি যায়, কেতিয়াবা ফত্ কৈ আগফালৰ পৰা ওলাই চক্ খুৱাই দিয়ে | ডাকোৱালটো এনেই এলেহুৱা, ৰাতিপুৱা ডাক দিবলৈকো তাৰ মন নাযায় | হাঁহে কৰা শব্দবোৰ আৰু কোৰ্হালতহে সি সাৰ পায় | এঙামুৰি দি ডাক দিবলৈ লয় মানে ঘৰে-ঘৰোৱাহে মানুহবোৰ সাৰ পায়েই | সুদেষ্ণাইও ব্যংগ কৰি কেতিয়াবা কয়- এনেকুৱা এলেহুৱা চাৰিশ টকীয়া ডাকোৱাল পোহাতকৈ আশী টকীয়া শিলিগুৰিৰ ডুপ্লিকেট এলাৰ্ম ঘড়ী এটাকে কিনি অনা ভাল | ছক্ৰেটিছে কথাবোৰ মন দি শুনি থাকে | তেতিয়াৰ পৰাই সি ডাকোৱাল কুকুৰাটোক সুবিধা পালেই নগুৰ-নাকতি কৰে | ঊদ্দেশ্য- শিক্ষা এটা দিয়া, যাতে সি তাৰ এলেহুৱা স্ব্ভাৱ এৰিব পাৰে |
যোৱাবেলি হাঁহ-পোৱালিগাল জন্ম হওঁতে তাৰ ডিউটী বাঢ়িছিল | হাঁহ-পোৱালি খিনি পুখুৰীৰ পাৰে পাৰে, কলনিৰ তলে তলে, শাকনিত দিবলৈ আনি থোৱা গোবৰৰ দমটোৰ তলে-ওপৰে পিতপিতাই ফুৰে, মাকৰ ভ্ৰূক্ষেপেই নাই- ছক্ৰেটিছে হে কাউৰীৰ পৰা পোৱালিজাকক বচাবলৈ গা ঘঁহাই ঘঁহাই ঘুৰি ফুৰে | কাউৰীবোৰে জানো ক’ৰ পৰা খবৰ পায়? পোৱালি জগিলেই গছৰ ডালত বহি জোপ লৈ থাকে – কেনেবাকৈ এটা থাপ মাৰি নিব পাৰিলেই এসাঁজৰ চিন্তা নাথাকে আৰু | আগতে শইকীয়ানীয়ে আদৰ কৰি পোহা হাঁহকেইটাৰ বংশ ৰক্ষা কৰাই টান হৈছিল কাউৰী, চিলনী আৰু হেপাৰ উত্পাতত | ছক্ৰেটিছ অহাৰ পিছ্ত তিলমানো চিন্তা কৰিবলগীয়া হোৱা নাই- সি যেন অতন্দ্ৰ প্ৰহৰী, সৰ্বদাই সতৰ্ক | কাউৰী, চিলনী আহি দূৰৰ পৰা চিৰিয়াখানাৰ দৰ্শকৰ দৰে হাঁহ-পোৱালিকেইটা চাবহে পাৰে, ওচৰ চাপিবলৈ হ’লে যমৰ দূত কেপ্তেইন ছক্ৰেটিছৰ সতে দুঘড়ী মান যুঁজ দিব লাগিব |
ঘৰলৈ আলহী-দুলহী আহিলে সাধাৰণতে বাকীবোৰ পোহনীয়া কুকুৰে যেনেকৈ ভুকি মেলি অভ্যৰ্থনা জনায় বা আপত্তি দৰ্শায়, ছক্ৰেটিছ তেনেচামৰ নহয় | তাৰ মগজুটো মানুহৰ দৰেই কুশাগ্ৰ হৈ পৰিছে | নতুন আলহীয়ে যে অকস্মাত্ ভুকিলে ভয় বা চক খাব পাৰে, সেই কথা তাৰ অবিদিত নহয় | সেইকাৰণে আলহী আহিলে দূৰৰ পৰা গোন্ধ পালেও লোভ সম্বৰণ কৰি সি এলেহুৱাৰ ভাও জুৰি পিৰালিচুকতে পেট পেলাই শুই থাকে অথবা পিছফালে বয়সস্থ মানুহৰ দৰে টহল দি ফুৰে | আলহীক নুভুকা মানে যে তাৰ ভাল-বেয়াৰ উমান নাই এনে কথা নহয় | ৰাতি বিয়লি কোনো নিচাত হুঁচ নথকা মদাহী যদি উকিয়াই, সুহুৰি মাৰি বা অশ্ৰাব্য গালি পাৰি ঘৰৰ আগৰ ৰাস্তাইদি পাৰ হৈ যাব ধৰে, ছক্ৰেটিছে তাৰ নিজৰ ভাষাত তাৰ চৈধ্য পুৰুষ উজাৰি যোৱাকৈ গালি পাৰি পাৰি ভুকে | ভৌ ভৌ; অৰ্থ- কটা নিধকহঁত, গোটেই পৄথিৱীখনেই শুই লালকাল দিলে আৰু তঁহতে গেজেপ মৰা হাবিৰ শিয়ালৰ দৰে ৰাও তুলি সুখ নিদ্ৰাত ব্যাঘাত জন্মাবলৈ আহিছ? ভুক ভুক ভৌ ভৌ; খাবলৈ নোপোৱাহঁত, এইখন ভদ্ৰ মানুহৰ ঠাই- জীয়াৰী, বোৱাৰী, কণমানি সকলোবোৰ নি:শ্চিন্ত মনে শুই আছে, তঁহতসোপাৰ আবতৰীয়া বিহুনামে যে সিঁহতৰ মনত অশান্তিৰ লগতে আশংকাৰ উদ্ৰেক কৰিব- সেই কথা ভালদৰেই বুজি ল’; নহ’লে উপায়বিহীন হৈ কলাফুলৰ ওচৰতে এটা ব্ৰহ্মকামোৰ বহুৱাই দিব লাগিব |
উগ্ৰ হোৱাৰ অভিনয় কৰিলেও আজিকোপতি ছক্ৰেটিছে কাকো কামোৰ বা নখ এটাও মাৰি পোৱা নাই | শইকীয়াই আলহী-কোঠাতে বাপুৰ ফটো এখন ডাঙৰ ফ্ৰেম এটাত বন্ধাই থৈছে | তাৰ পৰাই চাগে অদৃশ্য উপদেশ কিছুমান আহি ছক্ৰেটিছকো অহিংসবাদী কৰি পেলাইছে | বাপুজী হেনো দাৰ্শনিক ছক্ৰেটিছৰ অনুগামী আছিল | এই ছক্ৰেটিছো কোনো গুণেই দাৰ্শনিকতকৈ কম নহয় | তাৰ মনত আছে মানুহৰ প্ৰতি অপাৰ ভালপোৱা |
(৩)
মানুহবোৰে গোট খাই কৰা আলহ-উদহ, আনন্দত কৰা কথাবোৰতে ছক্ৰেটিছে গম পালে যে সুদেষ্ণাৰ বিয়া ওলাইছে | সুশীলাৰ গিৰিয়েকৰ অফিছতে কাম কৰে দৰাজনে- সাত বছৰৰ পৰা আমেৰিকাত আছে | সুদেষ্ণাতকৈ ছয়বছৰমান বয়সত ডাঙৰ হ’ব যদিও তাইৰ আপত্তি নাই, কাৰণ ঘৰে-বংশই দাগ নথকা মানুহ ৰক্তিম হাজৰিকা | চাকৰি ভাল, ডিগ্ৰী বহুত, দেখা-শুনাতো বেয়া নহয়, শইকীয়াৰ পৰিয়ালে সন্মতি নিদিয়াৰ থল দেখাই নাপালে | বিয়াও সোনকালে পাতিবলৈ দুয়ো পক্ষ ৰাজী হ’ল | শুভস্য শীঘ্ৰম |
বেছি ডাঙৰকৈ বিয়াখন পতা নহ’ল | হাজৰিকা পৰিয়ালৰ মতে বিয়াৰ দৰে কাৰবাৰত লাখ লাখ টকা খৰচ কৰাতকৈ দৰা-কইনাৰ ভৱিষ্যতৰ বাবে টকাখিনি সাঁচি থোৱাটোহে বিজ্ঞজনৰ কাম |
কৰ্টৰ কাগজ-পাতি ক্লীয়াৰ হোৱাৰ পিছ্ত সৰুকৈ চল্লিশ-পঞ্চাশজন মানুহৰ উপস্থিতিত দৰাই কইনাক বিবাহ কৰাই লৈ গ’ল |
বিয়াৰ দিনা কোনেও ছক্ৰেটিছৰ ছাঁটোকে দেখা নাপালে | অভিমানত সি ক’ৰবাত গৈ বহি থাকিল | কোনেও এবাৰো তাৰ সন্মতি নিবিচাৰিলে বিয়াখনত | সুদেষ্ণাইও ইমান হাঁহি মাতি আপোন-পাহৰা হৈ থকা দেখি ছক্ৰেটিছৰ বুকুখন বাৰে বাৰে বিষাই উঠিল কোনোবা খিনিত |
দৰাই ছোৱালী নিয়াৰ পিছ্ত সি ঘৰলৈ উভতি আহিল | একো নোখোৱাকৈয়ে পিৰালিৰ চুকত সি মন মাৰি শুই থাকিল | সপোনত সি দেখিলে এখন উৰাজাহাজত মানুহ কেইটামানে সুদেষ্ণাক চকী এখনত বান্ধি উৰুৱাই নি আছে কোনোবা অচিন দেশলৈ | দুখতে জোৰে জোৰে ভুকি দিবলৈ মন গ’ল তাৰ ৰাউচি জুৰি |
(৪)
অকলশৰীয়া ঘৰটোত কেৱল বুঢ়া-বুঢ়ী থাকে | শইকীয়া দম্পতি | দুই জীয়েক নাতি পুতিৰ সৈতে আমেৰিকাত | আজিকালি পুৱা খোজ কাঢ়িবলৈ যোৱা নহয় | বয়সে ভাটি দিছে, শৰীৰেও সঁহাৰি নিদিয়ে | বেছিভাগ সময় শুই-বহিয়েই থাকিবলৈ মন যায় দুয়োৰে | মাজে মাজে ফোনত কথা হয় দুই জীয়েকৰ সতে | দুয়ো সুখত আছে | সুশীলাৰ দ্বিতীয় সন্তানটিও ছোৱালী হ’ল | সুদেষ্ণাৰ তিনিবছৰীয়া ল’ৰাটো অঘাইটং হৈছে | তাৰ কাণ্ড-কাৰখানাবোৰ শইকীয়াহঁতে ফোনত কেইবাবাৰো জীয়েকৰ মূখত শুনিছে |
বহুত জোখ-মাখ কৰাৰ পিছতহে ৰক্তিমে দুমাহৰ ছুটী পালে | আহি দুদিনমান ৰক্তিমৰ ঘৰত থাকিল তিনিও | তাৰ পিছতহে শইকীয়াহঁতৰ ঘৰ | কোঁচত তুলি ল’বলৈ বিচাৰোঁতেই শইকীয়ানীয়ে গম পালে কিমান পালোৱান হৈছে নাতিয়েক ৰিকু | ইমান গধুৰ যে তুলিবই নোৱাৰি একে উশাহতে | আনহাতে সি গবা মাৰি ধৰিলে এৰুৱাবলৈকে টান |
থুনুক থানাক মাতেৰে সি শইকীয়া দম্পতিৰ ঘৰ ভৰাই তুলিলে | সৰু বাঁহৰ টুকুৰা এটা লৈ সি হাঁহজাকৰ পিছে পিছে লৱৰি ফুৰে | হাঁহখিনিৰ পলাই পত্ৰং দিয়া অৱস্থা হয়গৈ | সি খিলখিলাই হাঁহে | সুদেষ্ণাই ককাকহঁতৰ লগত চাই থাকে তাক মূখত এমোকোৰা হাঁহি লৈ | মাজে মাজে ছক্ৰেটিছৰ কথাই তাইক আমনি কৰে | মাকক দুবাৰ মান সুধিছিল তাৰ কথা | ছক্ৰেটিছ হেনো তাইৰ বিয়াৰ পিছাত দুদিনমান একো নোখোৱা নোবোৱাকৈ পৰি থাকিল | তাৰ পিছত এদিন নোহোৱা হ’ল | শইকীয়াই প্ৰথমতে অলপ খোজ-বিচাৰ কৰিলে, কিন্তু কোনো শুংসুত্ৰ নোপোৱাত বাদ দিলে | তাৰ অন্তৰ্দ্ধান হোৱাৰ খবৰ শুনি সুদেষ্ণাৰ মন বেজাৰেৰে ভৰি গ’ল | সিয়ে আছিল তাইৰ অভিন্ন বন্ধু | তাই যি কাম কৰিবলৈ দিলেও কৰিছিল সি | বডীগাৰ্ডৰ দৰে তাইক সদায় আৱৰি ৰাখিছিল | কিবা খাবলৈ দিলেও তাই দুবাৰমান নোকোৱালৈকে তাইৰ মূখলৈ চাই ৰৈ থাকিছিল | কিমান নিৰীহ সৰল আছিল সেই চাৱনি !!!
চাৰিদিনৰ পিছত গাড়ী এখন লৈ শইকীয়াই জোঁৱাই-জীয়েক নাতিয়েকক নিজৰ ঠাইখন এপাক মাৰি ফুৰাবলৈ নিলে | চিনাকি মানুহক মাত দিয়াও হ’ব আৰু নাতিয়েকক নতুন ঠাই দেখুওৱাও হ’ব | আধা ফুৰাৰ পিছত সুদেষ্ণাই কোৱাত ড্ৰাইভাৰে গাড়ী তাইৰ পঢ়োৱা কলেজৰ ফালে ঘুৰাই দিলে | কলেজৰ গেটৰ কাষত তাই নামিল ৰিকুৰ সতে |
ৰিকুৰ হাতত ধৰি তাই গেটৰ ভিতৰলৈ সোমাই গ’ল | ছয় বছৰৰ পিছত আহিছে তাই কলেজলৈ | বহুত বস্তু সলনি হৈছে কলেজখনৰ | ফুলৰ বাগিছাখন আগতকৈ সৰু হ’ল, বাটছোৱা পকা হ’ল, পকী বেৰবোৰত নতুনকৈ ৰঙ দিয়া হৈছে | শনিবাৰৰ আবেলি কাৰণে ভিৰ-ভাৰ নাই | এজন নেপালী চকিদাৰ সৰু কোঠা এটাৰ পৰা আগুৱাই আহিল সিঁহতৰ ফালে , লগত এটা ফপৰা কুকুৰ | তাই কলেজত পঢ়াই থাকোঁতে থকা চকীদাৰজন নহয় দেখোন | নতুনকৈ চাকৰিত সোমাইছে হ’বলা |
“মেমচাহাব, কাৰোবাক বিচাৰিছে নেকি ?” দূৰৰ পৰাই আহি থাকোঁতে সুধিলে সি |
“নাই, মই এনেয়ে এবাৰ...” “ভুক ভুক”... তাইৰ কথা শেষ হোৱাৰ আগতেই কুকুৰটো দৌৰি সিঁহতৰ ওচৰ পালেহি | ৰিকুৱে চক খাই মাকৰ কোঁচত উঠিব খুজিলে |
ভুক ভুক... ভৌ ভৌ... ফপৰা কুকুৰটোৰ মাতটোত যেন লাগি আছে এযুগ ধৰি ভালপোৱাৰ আত্মীয়তা | ... তাই ভালদৰে চালে...
হয় হয় | সিয়ে হয় | চেহেৰা অলপ সলনি হ’লেও মাতটো সলনি হোৱা নাই |
“ছ...ক্ৰে...টি....ছ...”
“ভৌ... ভৌ... ভুক... ভুক... !” সুদেষ্ণাক পাই ছক্ৰেটিছ ক’ব নোৱাৰা হ’ল |
“মেমচাহাব?” চকিদাৰটো আশ্চৰ্য্যত থৰ লাগিল | টি-শ্বাৰ্ট, জীন্স পিন্ধা বগী মেমজনীয়ে কুকুৰটোক সাৱটি ধৰিছে | তাৰ গাত হাত ফুৰাইছে | কুকুৰটোৱেও তাৰ পুৰণা মালিকক হেৰুৱাই পোৱাৰ নিচিনাকৈ তাইৰ চাৰিওফালে কুঁকুৱাই ফুৰিছে | তিনি বছৰ আগতে সি এইখন কলেজত চাকৰিত সোমাইছিল | তাৰ দুমাহৰ পিছ্তে এই কুকুৰটোৱে আহি তাৰ লগ লৈছিলহি | মৰমতে সি নাম ৰাখিছিল টমী...| এতিয়া সেই টমীকে মেমচাহাবে কিয় ছক্ৰেটিছ বুলি মাতিছে, তাৰ মূৰত একো নোসোমাল | |
-সমাপ্ত-
- শান্তনু চাংমাই , নতুন দিল্লী ||
- ০৯৫৮২০১৭৯৬২.