পাতনি: প্ৰায় পোন্ধৰ বছৰ বিৰতিৰ পিছত নাটক এখন লিখিবলৈ প্ৰয়াস কৰিছোঁ | একে বহাতে লিখা নাটক ( সময় লৈ লৈ লিখিবলৈ এলাহ) | গতিকে অনেক বিজুতি থাকি যোৱাৰ সম্ভাৱনাই প্ৰচুৰ| ভুল-আঁসোৱাহ আঙুলিয়াই দিবলৈ অনুৰোধ থাকিল |- শান্তনু চাংমাই |
___________________________________________________________
** হেঁপাহ **
দৃশ্য এক:
দোকমোকালিৰ আগৰ ক্ষণ| পাছ-চোতাল | তিয়নি খনেৰে গা টো মচি মচি হেমেন থিয় হৈ আছে | নাদৰ পাৰত দুটি ডাঙৰ বাল্টি, ৰচীত ওলমি থকা সৰু বাল্টিটোৰে পদুমীয়ে পানী তুলি তাত ভৰাইছে | পূৱ আকাশত অকণ অকণ সেন্দুৰীয়া আবেশ |
হেমেন:- বাহিৰ ফুৰিবলৈ যাওঁতে কল দুথোক চাই আহিলোঁ বুইছ | ঠিকেই কৈছিলি তই, অহাটো হাটৰ বাৰত বেচিব পৰা হ’ব |
[গিৰিয়েকলৈ চাই পদুমীয়ে নাদৰ জেওৰাৰ বেৰটোৰ পৰা ওলাই আহি বাল্টি দুটা কঢ়িয়াই বাৰাণ্ডালৈ আনি থয় ]
হেমেন:- ইমান লেহেম লেহেমকৈ কাম কৰি থাকিলে বেলি ওলাই মূৰৰ ওপৰ পাবহি, ভাত দুটিমান বাঢ়গৈ যা- নহ’লে ডাক্তৰ বাবু ওলাই হচপিটাল পাবগৈ |
[ একো উত্তৰ নিদি পদুমী ভিতৰলৈ সোমাই যায় | ক্ষন্তেক পিছত ওলাই আহি গিৰিয়েকক লুঙী এখন দিয়েহি ]
হেমেন:- এহ, এতিয়া আৰু এইসোপা পিন্ধিবলৈ সময় আছে নে? তই ভাত বাঢ়; মই ইঁহতক উঠাই কাপোৰ-কানি একে চাবতে পিন্ধি সাজু হওঁগৈ |
পদুমী:- ইঁহত দুটালৈও ভাত বাঢ়িম নে?
হেমেন:- নালাগে, তৰাই পিছত বাঢ়ি দি দুয়োটাই খাব | শুই উঠিয়েই পেট গধূৰ কৰা কোনো দৰকাৰ নাই | অলপ পুথি-পাঁজি আওৰাওক, তাৰ পিছত ইচকুললৈ যোৱাৰ আগতে খাই যাব | তই আমি দুটালৈ বাঢ়িবিগৈ যা |
পদুমী:- হ’ব বাৰু | [পুনৰ ভিতৰলৈ প্ৰস্থান ]
হেমেন:- [তিয়নি খন বাঁহৰ ডাঁৰত মেলি মেলি ] এই তিৰীসোপাৰ পৰা উপায় নাই | সকলো কথা আঙুলিৰ মূৰত ধৰি ধৰি শিকাই দিব লাগে... |
[ভিতৰৰ পৰা চকু মোহাৰি মোহাৰি তৰা আৰু তাইৰ ভায়েক ৰিজু ওলাই আহে ]
তৰা:- দেউতা, তঁহত এতিয়াও যোৱাই নাই? দেৰি হ’লে তোৰেই মূৰটো আকৌ গৰম হ’ব | হেমেন:- [ভেকাহি মাৰি] এতিয়াও ছয় বজাই নাই এথোন | চাৰে ছয় বজাৰ বাছত উঠি গ’লে সাত চল্লিশ মানতে টাউন পামগৈ | ডাক্তৰ দেখোন ন’ বজালৈকে নিজৰ ঘৰৰ ক্লিনিকতে বহে | কিহৰ চিন্তা?
তৰা:- কথা চোবাই থাকিলে ইয়াতে চাৰে ছয় বাজিব | ভাত কেইটা গিলি যা তঁহত |
হেমেন:- ইচকুললৈ যোৱাৰ আগতে ৰাঙলীজনীক ভালকৈ বাৰীতে এৰাল দি থৈ যাবলৈ নাপাহৰিবি | তাই গাভিনী, গতিকে বাকী কেইটাৰ লগত চৰিবলৈ এৰি দিব নালাগে
|
[হেমেন ভিতৰলৈ সোমাই যায়, তৰাই দাঁতোন বিচাৰি পিৰালিৰ চুকলৈ আগবাঢ়ে]
ৰিজু:- [বায়েকৰ চোলাত ধৰি] বাইটি, আজি বগৰী খাবলৈ যাবি নে? মথাউৰিৰ পাৰত লোমালোমে বগৰী লাগিছে |
[তৰাই মিচিকিয়া হাঁহি মাৰি ৰিজুৰ জপৰা চুলিত হাত ফুৰায় ]
দৃশ্য দুই:
জ’গিং কৰি আহি ড০ মহন্ত বাৰাণ্ডাৰ আৰামী চকীত বহিছে | বনকৰা ছোৱালী মীনাই গিলাছ এটাত হালধীয়া বৰণৰ ফলৰ ৰস দিছেহি | ৰাতিৰ পোছাকযোৰেৰেই (ফুটফুটীয়া চোলা আৰু পাইজামা) ব্ৰাছ কৰি কৰি খুঁটা এটাত আউঁজি শ্ৰীমতী মহন্ত ৰৈছে |
মহন্ত:- মৰ্ণিঙ |
মিচেজ:- মৰ্ণিঙ | আকৌ আৰম্ভ কৰিছা এক্সাৰচাইজ? গুড, ভেৰি গুড |
মহন্ত:- ছয় কে.জি. অ’ভাৰৱেইট | অবেচিটি হ’বলৈ কিমান টাইম লাগিব ?
মিচেজ:- আই লাইক ইউৰ ডেডিকেশ্যন | চেন্নাইৰ পৰা উভতি আহি মইও ট্ৰেড মিলতে আৰম্ভ কৰিব লাগিব |
মহন্ত:- ট্ৰেড মিলডাল মিছা বুজিছা নে, অলপ নেচাৰেল খোলা-মেলা ঠাইত ব্যায়াম কৰিলে বেছি বেনিফিট হ’ব |
মিচেজ:- হৈছে থোৱা- তোমাৰ দৰে মই সকলোৰে আগত অ’পেনলি দৌৰি ফুৰিব নোৱাৰোঁ | এনিৱে’জ- দুটাবজাত আহিবলৈ নাপাহৰিবা, মনত আছে নহয় ?
মহন্ত:- অ’ য়া য়া | তোমাৰ ফ্লাইট চাৰে তিনটাত নহয় জানো ? কুন্তলাক বাকীখিনি টাইম মেনেজ কৰিবলৈ কৈ মই আহি যাম |
মিচেজ:- থেংকছ, কাইণ্ড অব ইউ |
মহন্ত:- (থিয় হৈ) ইউ আৰ ৱেলকাম | ড০ সাহাক ফোন কৰি মই কেছটো আকৌ ভালকৈ বুজাই দিম বাৰু | ইতিমধ্যে ই-মেইল কৰি বুজাব লগীয়া খিনি বুজাইছোঁৱেই | ফ্ৰে’ছ হৈ ক্লিনিকত বহোঁ | তুমি পেকিং কৰা |
মিচেজ:- হুমম...
[মহন্ত ভিতৰলৈ সোমাই যায় | মীনা আহি মহন্তই পি যোৱা গিলাছটো উঠাই ভিতৰলৈ নিব খোজে | ]
মিচেজ:- [ মূৰৰ সোঁফালে সোঁহাতেৰে চেপি ধৰি ] উস...!
মীনা:- [ চিন্তিত হৈ ওচৰলৈ আহি] কি হ’ল বাইদেউ? চাৰক মাতিম নেকি ?
মিচেজ:- উস... | নালাগে দে, ঠিক হৈ যাব | তোৰ চাৰ কিবা ভগৱান নেকি? আজি দেখোন চেন্নাইলৈ যামেই | চব ঠিক হৈ যাব | [ নিজেই নিজকে] বী ষ্ট্ৰঙ বী ষ্ট্ৰঙ ...
মীনা:- ব’লক বাইদেউ, ভিতৰলৈ গৈ অলপ বহি লওক |
[শ্ৰীমতী মহন্তৰ হাতত ধৰি ভিতৰলৈ নিবলৈ উদ্যত হয় ]
মিচেজ:- [ মীনাৰ হাতখন আচাৰ মাৰি এৰুৱাই ] যা: এইজনী, এপাট চৰ দিম এতিয়া | নিজৰ কাম কৰিবি গৈ যা |
[ সেমেনা-সেমেনিকৈ মীনা পৰ্দা দাঙি ভিতৰলৈ সোমাই যায় ]
মিচেজ:- [ মূৰতো মোহাৰি মোহাৰি ] বী ষ্ট্ৰঙ বী ষ্ট্ৰঙ ...!
দৃশ্য তিনি:
ড০ মহন্তৰ ক্লিনিক | আচবাব বোৰ পৰিপাটীকৈ সজাই থোৱা আছে| দেৱালত মানৱ শৰীৰৰ বিভিন্ন ডায়াগ্ৰাম | এজন ক্ষীণ মধ্যবয়স্ক ৰোগীৰ লগত মহন্ত বাৰ্তালাপত ব্যস্ত |
মহন্ত:- এইবাৰ চিন্তাৰ কোনো কাৰণ নাই, দৰৱবোৰ সলনি কৰি দিছোঁ নহয় | দুই তিনিদিনতে আপুনি দেখিব আৰাম পাই গৈছে |
ৰোগী:- ভাল বাৰু চাৰ | কিন্তু যোৱা বাৰৰ দৰৱ খিনি খাই মূৰঘূৰণিটো বেছি হে...
মহন্ত:- আহ হা | এইবাৰ নি:শ্চিন্ত থাকক; একদম গ্যাৰান্টি থকা দৰৱ দিছোঁ, আপোনাৰ মূৰঘূৰণি পলাই ফাঁট মাৰিব | ৰ’ব, লগতে ট’নিক এটাও লিখি দিছোঁ- এই ওচৰৰ শৰ্মা ফাৰ্মাছীতে পাব |
[ ঘচঘচকৈ কাগজত নাম লিখি ৰোগীক দিয়ে ]
ৰোগী:- ভাল তেন্তে চাৰ, আহোঁহে |
[ চকীৰ পৰা উঠি যাবলৈ লয় | মহন্তই মুখলৈ হাতখন নি লাহেকৈ ঊদেশ্য-জড়িত কাহ এটা মাৰে ]
ৰোগী:- চাৰ?
মহন্ত:- [মিহি কৈ হাঁহি মাৰি] ফিজ টো ?
ৰোগী:- কিন্তু চাৰ, যোৱাবাৰ আহোঁতে দিছিলোঁ নহয়্, এতিয়া আপুনি মাথোন দৰৱটো হে বদলি কৰি দিছে?
মহন্ত:- চাওক দাস ডাঙৰীয়া, আপুনি গেলামালৰ দোকান দিছে, প্ৰতিটো বস্তুৰে জুখি-মাখি শেষ গ্ৰামটো লৈকে দাম লয় | আমাৰ দোকান নাই, কিন্তু আমিও পৰিয়াল পোহ-পাল দিব লাগে | আমাৰোতো সময়ৰ মূল্য আছে, নে কি কয় ?
[ মূখত হাঁহি লৈ মহন্ত চেলাউৰি উজায় | থেৰোঁ-গেৰোঁকৈ ৰোগীয়ে পকেটৰ পৰা মানিবেগটো উলিয়ায় ]
মহন্ত:- বাৰু আপোনাৰ বাবে হাফ-ফিজ | ... বেয়া নাপাব দাস, বস্তুৰ যি হে জুই-ছাই দাম হৈছে, আমিও নিৰুপায় |
[ টেবুলত দুশ টকা থৈ দাস ওলাই যায়| পইচাখিনি টেবুলৰ ড্ৰ’য়াৰ এটাত ভৰাই মহন্তই কলিং বেল টিপে- নেক্সট |
হেমেন আৰু পদুমী সোমাই আহে | হেমেনে আহিয়েই হাতযোৰ কৰি নমস্কাৰ দিয়ে, পদুমী পিছফালে থিয় দি ৰয় | ]
মহন্ত:- বহক | [হেমেনৰ মূখলৈ চাই] কি হৈছে ?
হেমেন:- মানে, মোৰ নহয় চাৰ... মোৰ মানুহজনীৰ হে ...|
মহন্ত:- অ’হ আচ্ছা | [পদুমীক ওপৰৰ পৰা তললৈ চাই ] কওক চোন কি হৈছে আপোনাৰ |
[ পদুমীয়ে ডাক্তৰৰ চকুলৈ এবাৰ চাই তলমূৰ কৰে | সময় নষ্ট হোৱাত মহন্ত অলপ বিৰক্ত হয় ]
মহন্ত:- কৈ যাওক, নক’লে কেনেকৈ জানিম হৈছে কি ?
[ পদুমী নিমাত | তাইৰ সংকোচ দেখি অলপ আগফালে হাউলি হেমেনেই ক’বলৈ আৰম্ভ কৰে|]
হেমেন:- মানে কথা হ’ল কি চাৰ | তাইৰ গাটো ভাল নহয় |
মহন্ত:- সেইটো মইও বুজিছোঁ, গা ভালে থাকিলে কোনো এনেকৈ ইয়ালৈ নাহে নহয় | প্ৰবলেম টো কি?
হেমেন:- মানুহজনীৰ পেটত খুব বিষ | মানে অনবৰতে বিষাই নাথাকে, কিন্তু মাজে মাজে খোঁচ মাৰি মাৰি ধৰে | তেতিয়া তাই ক’ব নোৱাৰা হয়, মূখৰ পৰা মাতো নোলায় |
মহন্ত:- [কাগজত খচখচকৈ লিখি] কিমান দিনৰ পৰা এনে হৈছে?
হেমেন:- প্ৰায় ছমাহ-এবছৰেই হ’ল হি চাৰ | কম্পাউণ্ডাৰক দেখুৱাইছিলোঁ- দৰৱো দিছিল, কিন্তু বিষটো দেখোন নুগুছাই হ’ল | এইবেলি ভূঁই ৰুই থাকোঁতেই তাই বোকাতে ঢলি পৰিছিল নহয় ... |
মহন্ত:- [ অলপ ৰৈ হেমেনলৈ চাই ] পথাৰ? এজনী বেমাৰী মানুহক আপুনি পথাৰলৈ পঠাইছিল? [অলপ নৰম হৈ] বাৰু আপোনালোকৰ ঘৰ ক’ত?
হেমেন:- চাৰ, পদুমণিৰ ওচৰৰ নাহৰতলিত | দুলীয়াজানৰ পৰা যে ডিগবৈলৈ বাটটো যায় ...
মহন্ত:- পদুমণি- নাহৰতলি, নাহৰতলি- পদুমণি ... | [কিবা এটা চিন্তা কৰি বিৰবিৰায় ] বাৰু, আপোনালোকৰ গাঁৱৰ ফালে বৰপূজাৰী বুলি মানুহ এঘৰ আছে নেকি ?
হেমেন:- বৰপূজাৰী... যতীন বৰপূজাৰী?
মহন্ত:- [ অলপ উত্সাহিত হৈ ] অঁ অঁ, তেঁৱেই | আৰু তেওঁৰ যে জীয়েক এগৰাকী আছিল- মনোৰমা বৰপূজাৰী?
হেমেন:- মনোৰমা? অ’ মনো আইটি... তাই আমাৰ ইচকুলতে পঢ়িছিল নহয়, মোতকৈ দুই নে তিনিবছৰ সৰু আছিল |
মহন্ত:- বাঁও গালত যে ডাঙৰকৈ তিল এটা আছে? গাখীৰত সেন্দুৰ মিহলালে হোৱা ৰঙৰ দৰে গাৰ বৰণ যে ?
হেমেন:- অঁ, হয় হয় চাৰ, ঠিকেই ধৰিছে আপুনি | পিছে... আপুনি মনো আইটিক কেনেকৈ চিনি পায় বা?
মহন্ত:- গুৱাহাটীত একেলগে মেডিকেল পঢ়োঁতে ... [ঘপকৈ নিজকে চম্ভালি লৈ ] | ডাক্তৰী পঢ়োঁতে লগ পাইছিলোঁ | তেওঁৰ খবৰ কিবা পায় নে? [ টেবুলত ঢাকি থোৱা গিলাছৰ পৰা পানী খায় ]
হেমেন:- খবৰ চবৰ তেনেকৈ নাপাওঁ | কোনোবা তামিল ল’ৰা এজনৰ লগত দেউতাকৰ অমতত বিয়া সোমাল বুলি শুনিছিলোঁ চাৰ, তাৰ পিছৰ খবৰ নাজানোঁ ...
মহন্ত:- [অলপ পৰ চকু মুদি মনে মনে থাকি ] বাৰু ভাল | কি হৈছে বুলি কৈছিল আপোনাৰ মিছেজৰ?
হেমেন:- [অলপ ভেবা লাগি] হেঁ?
মহন্ত:- মানে আপোনাৰ মানুহগৰাকীৰ, নবৌৰ কি অসুখ বুলি ক’লে? [মনত পৰি] অ’ পেটৰ বিষটোৱে ট্ৰাবোল দি থাকে নহয় জানো?
হেমেন:- হয় চাৰ |
মহন্ত:- এটা কাম কৰক | [ কাগজত লিখি লিখি] কেইটামান টেষ্ট কৰাবলৈ দিছোঁ | মেডিকেল তিনিআলিটো দেখিছে নহয়? তাৰ পৰা অলপ আগুৱাই গৈ বাওঁফালে হনুমানৰ মন্দিৰটো পোৱাৰ আগতে নৰেন্দ্ৰনাথ ডায়’গনিষ্টিক লেবটো পাব | তাতে গৈ এই টেষ্ট কেইটা কৰাই আহক| ৰিপ’ৰ্ট নোপোৱালৈকে একো দৰৱ নিদিওঁ- চব ডিটেইলচ চালি-জাৰি চাই হে কি কৰিব লাগে ক’ব পাৰিম |
হেমেন:- ভাল বাৰু চাৰ | পিছে আপোনাক ৰিপট খিনি ক’ত দেখুৱাম ?
মহন্ত:- ইয়ালৈকে আহক, চাৰি বজাৰ পৰা ছয়বজালৈ মই ইয়াতে বহোঁ | অ’ আজি অৱশ্যে মোৰ আহোঁতে চাৰে চাৰি বাজিব পাৰে- তিনিবজাত মোৰ কাম এটা আছে |
হেমেন:- [পুৰণি দহটকীয়াৰ নুৰা এটা উলিয়াই] হ’ব চাৰ, আপোনাৰ সিধাটো...
মহন্ত:- [মূৰ জোকাৰি] হ’ব বাৰু এতিয়া থাককচোন, আপুনি আগতে পৰীক্ষাবোৰ কৰি আহক
হেমেন:- বাৰু চাৰ, এতিয়া আহোঁহে... নমস্কাৰ |
[ হেমেন আৰু পদুমী ওলাই যায় | মহন্তই পেচেন্ট মাতিবলৈ কলিং বেল টো টিপিবলৈ লৈ থমকি ৰয় | বিৰবিৰায়- ৰমা, মনো-ৰমা... মনো আইটি... হা: হা: | সম্বিত্ ঘূৰাই আনি কলিং বেলটো টিপে ]
দৃশ্য চাৰি:
ড০ মহন্তৰ চেম্বাৰ | সময় বিয়লি পাঁচ বজা | বাহিৰত হেমেন পদুমী আৰু ছয় সাতজন ৰোগী | দুজনমানে অস্বস্তিৰে হাতৰ ঘড়ী চাইছে | গাড়ী আহি ৰোৱাৰ শব্দ | ক্ষন্তেক পিছত হাতত বেগ এটা লৈ খৰখোজেৰে ড০ মহন্তৰ আগমন | তেওঁক দেখা পাই হেমেন ঠাইতে থিয় হয় |
হেমেন:- চাৰ... বেছি পলম কৰিলে ঘৰলৈ উভতি যাবলৈ বাছেই ধৰিব নোৱাৰিম | আপুনি যদি ৰিপটখিনি চাই দিয়ে...
মহন্ত:- হুম... ঠিক আছে আপোনালোক আগতে আহক, মই পটকৈ ৰিপ’ৰ্টখিনি চেক কৰি লওঁ |
[ চকীত বহি মহন্তই ৰিপ’ৰ্টত চকু ফুৰায় | উদ্বিগ্ন চেহেৰা... ]
মহন্ত:- আপোনাক চাৰিটা পৰীক্ষা কৰাবলৈ দিছিলোঁ, ইয়াত দেখোন তিনিটা হে আছে... চ’নগ্ৰাফীখন ক’ত ?
হেমেন:- [সেমেনা-সেমেনিকৈ] চাৰ, হাতত সিমান টকা নাছিল... এইকেইখন হে বলে পাৰিলোঁ |
মহন্ত:- [কিবা ক’বলৈ লৈও থমকি ৰয়... পুনৰ ৰিপ’ৰ্ট খিনি চায় ] চন’গ্ৰাফীখন কৰোৱাটো খুবেই জৰুৰী বুজিছে নে? নহ’লে এইখিনিৰ পৰা অনুমান লগাবলৈ দিগদাৰ হ’ব |
হেমেন:- চাৰ, কিছুদিন সময় দিয়ক... কিবা কৰি টকা অলপ যোগাৰ কৰি সেইখনো কৰোৱাই আনিম |
মহন্ত:- ইমান সময় কাৰো ওচৰত নাই ককাইটি ... আপোনাৰ ওচৰতো নাই, এওঁৰ ওচৰতো নাই... আৰু মোৰ মিচেজৰ ওচৰতো... [ বাক্যটি সম্পূৰ্ণ নকৰি ৰৈ যায় ]
হেমেন:- দেৰি নকৰোঁ চাৰ | কিবা এটা নিশ্চয় কৰিম... আপুনি মাথোন [ পদুমীৰ ফালে চাই] এইক ভাল কৰি দিয়ক | নহ’লে বৰ কষ্ট পায় | কেতিয়াবা ৰাতি উঠি হাউ হাউ কৈ বিষতে কান্দি থাকে...
মহন্ত:- [কাগজত খচ খচকৈ লিখি] মাঘ বিহুলৈ কিমান দিন আছে?
হেমেন:- [একো বুজিব নোৱাৰি ] চাৰ ...?
মহন্ত:- কিমান দিন বাকী আছে মাঘৰ উৰুকালৈ?
হেমেন:- [ইফালে সিফালে চাই আঙুলিৰ পাবত গণি] চাৰ... এঘাৰ দিন |
মহন্ত:- [কাগজখন হেমেনৰ ফালে আগুৱাই দি] এইখন লওক, ওচৰতে শৰ্মা ফাৰ্মাচী আছে- তালৈ গৈ এইখন দিব | দৰৱ কেইটামান লিখি দিছোঁ | পইচা দিব নালাগে |
হেমেন:- [প্ৰশ্নবোধক চাৱনিৰে] কিন্তু চাৰ?
মহন্ত:- চিন্তা নকৰিব... পদুমণিৰ মানুহ বুলি ফিজ নোলোৱাকৈ এৰি নিদিওঁ | বৰা ধানৰ খেতি কৰে নহয় ? বিহুত খাব পৰাকৈ অলপ চাউল দি থৈ যাবহি | মোৰ মিচেজ চেন্নাইলৈ গৈছে, তেওঁৰ বৰা চাউললৈ বৰ হেঁপাহ ... | বিহুত কেইটিমান তেওঁৰ মূখৰ দিব পাৰিলে ভাল লাগিব ... |
হেমেন:- ... চাৰ সেইটো নো ক’ব লাগিছেনে? বিহুৰ আগতেই আহি আপোনাক চাউল কেইটা দি থৈ যামহি |
মহন্ত:- ঠিক আছে, আপোনালোক এতিয়া যাওক, নহ’লে বাছ নাপাব |... আৰু এটা কথা, নবৌৰ চন’গ্ৰাফীখন কৰোৱাবলৈ নাপাহৰিব কিন্তু... |
হেমেন:- ভাল চাৰ |
দৃশ্য পাঁচ:
মাঘৰ ওঠৰ তাৰিখ | হেমেনৰ ঘৰৰ আগচোতাল | গাঁৱৰ মানুহ গোট খাইছে | দুজনমানে সৰু সৰুকৈ কথা পাতিছে | হঠাত্ ভিতৰৰ পৰা উচ্চগ্ৰামত কান্দোনৰ ধ্বনি শুনিবলৈ পোৱা গৈছে | চাৰিজন মানুহে শুধবগা কাপোৰেৰে ঢাকি থোৱা পদুমীৰ শৱটো চোতালত আনি নমাই থৈছেহি ...|
[কৰুণ আৱহ-সংগীত | চেঞ্জ ইনটু এ বৰগীত | ]
দৃশ্য ছয়:
বহাগ মাহৰ দুই তাৰিখ | ড০ মহন্তৰ চেম্বাৰত এটা ডাঙৰ তলা- জাননীত লিখা আছে বিহুৰ বন্ধ |
নিজ ঘৰৰ বাৰাণ্ডাত মহন্তই বহি বাতৰি কাকত পঢ়িছে | গেট খোলাৰ শব্দ শুনি তেওঁ মূৰ তুলি চায়- তেওঁৰ চেহেৰাত আপ-ডাল নকৰা ডাঢ়ি |
হেমেন আৰু ৰিজু সোমাই আহে, হেমেনৰ হাতত এটা কাপোৰৰ ডাঙৰ মোনা |
হেমেন:- চাৰ নমস্কাৰ |
মহন্ত:- [থিয় হৈ] নমস্কাৰ, পিছে এইকেইদিন মই ৰোগী নাচাওঁ, বিহুৰ ছুটী |
হেমেন:- [হাত জোকাৰি] নাই নাই চাৰ, বেমাৰী দেখুৱাবলৈ অহা নাই | চাৰে হ’বলা চিনিয়েই পোৱা নাই... সেই যে পদুমণিৰ...
মহন্ত:- [প্ৰশ্নবোধক চাৱনিৰে চাই ৰয় ] কোন বুলি ক’লে?
হেমেন:- সেই যে পদুমণিৰ কাষৰ নাহৰতলিৰ পৰা আহিছিলোঁ দুমাহমানৰ আগতে... মনোৰমা আইটিৰ ঘৰৰ ওচৰৰ মানুহ | মানুহজনীক যে পেটৰ অসুখ দেখুৱাবলৈ লৈ আনিছিলোঁ..
.
মহন্ত:- অ’ আচ্ছা আচ্ছা, আহক | মনত পৰিল | এতিয়া কেনে আছে বৌ? চ’নগ্ৰাফী খন পিছে আপুনি চাগে নকৰালেই নহয় জানো ?
হেমেন:- [তলমূৰ কৰি মনে মনে ৰয় ]
ৰিজু:- [থোকাথুকি মাতেৰে] আইটি আৰু নাই চাৰ...
মহন্ত:- [বিস্ময়ত চকু ডাঙৰ কৰি] কি ? ককাইদেউ??
হেমেন:- মোৰেই ভুল চাৰ... | আপুনি দিয়া দৰৱেৰেই ভাল হৈ যাব বুলি তাইক আকৌ ইমান দূৰ কঢ়িয়াই চনগাফি কৰিবলৈ নানিলোঁ | ... বিহুৰ কেইদিনমান পিছতে এদিন বিষ হৈ যি বাগৰি পৰিল পৰিলেই... | ইঁহতৰ মাকে আৰু চকু মেলিব নোৱাৰিলে... |
মহন্ত:- [ধপকৈ চকীত বহি পৰে]
হেমেন:- বিহুৰ সময়ত মানুহজনীয়ে বাৰে বাৰে কৈছিল- যাওকচোন, ডাক্তৰ চাৰক গৈ চাউলখিনি দি থৈ আহক গৈ | ইফালৰ পৰা সিফাল কৰি থাকোঁতে তেতিয়া চাউল খিনি দিয়া হি নহ’ল চাৰ...| আজি লৈ আনিছোঁ... | বহাগ বিহুতে আপোনাৰ মানুহগৰাকীয়ে খাব পাৰিব... | কাৰো হেঁপাহ থাকি যাব নাপায় চাৰ | ল’ ৰিজু... চাৰক গৈ চাউলখিনি দি আহ ...
[ দেউতাকৰ পৰা চাউলৰ মোনাটো লৈ ৰিজু বাৰাণ্ডালৈ উঠি যায় | লাহেকৈ চকীত বহি থকা মহন্তৰ হাতত মোনাটো দিব খোজে | কিন্তু থৰ লাগি থকা মহন্তই হাত নেমেলাত কোলাতে লাহেকৈ মোনাটো বহুৱাই দিয়ে ]
মহন্ত:- ককাইদেউ... হেঁপাহ জানো সকলোৰে পূৰণ হয় ? [ চাউলখিনিলৈ চাই মৰমেৰে হাত ফুৰায় |] মৰা মানুহৰ হেঁপাহ জানো আমি পূৰাব পাৰিম...?
[হেমেনে একো বুজিব নোৱাৰি চৰগ পৰা মানুহৰ দৰে মহন্তক চাই থাকে | তাৰ দুচকুৰ পৰা দুটোপাল চকুলো বৈ আহে |
মহন্তই ৰিজুক কাষলৈ টানি আনি সাবট মাৰি ধৰি জোৰে জোৰে ফেঁকুৰিবলৈ ধৰে |
জোকাৰণিত বাতৰি কাকতৰ মেৰত সোমাই থকা মিচেজ মহন্তৰ ফটো এখন সৰি পৰে]
____________________________________________________________
No comments:
Post a Comment