November 17, 2012

আপুনি বাৰু ’খাটি অসমীয়া’ নে ’খাটি খোৱা অসমীয়া’ ?


-    নৈপৰীয়া গ্ৰেজিং গাঁৱৰ ডেকা কিছুমান হাবিতলীয়া বাটেৰে যায় আধা খালৈ মাছ আৰু চাইকেলৰ কেৰিয়াৰত চবজীৰ বস্তা বান্ধি লৈ | গোটেই আবেলিটো হাটতে পুৰি কানিমুনি বেলিকা ঘৰলৈ বুলি উভতে | আন্ধাৰ বাটত আন গাঁৱৰ ডেকাবোৰে বাটভেটি ধৰে- হুমকি দি টকা খোজে | নিদিলে কিলায়, ভুকুৱায়, লথিয়ায়- সকলো উপাৰ্জন কাঢ়ি থৈ দিয়ে |

সেইজাক ডেকাই দিনৰ পোহৰত সংস্কৃতিৰ কথা কয়, “জয় আই অসম” ৰাগ টানে |
বেলেগ প্ৰদেশৰ পৰা অহা চাকৰি- প্ৰাৰ্থীৰ চাৰ্টিফিকেট ফালে | সংখ্যালঘূ সম্প্ৰদায়ৰ ঘৰ-দুৱাৰ নিশা কিৰীলি মাৰি মাৰি জ্বলায়, লুটে |

-    ক্লিনিকৰ পৰা উভতি আহি থকা অনা-অসমীয়া চিকিত্সকক ৰাস্তাতে মাৰি পেলাই থৈ স্কুটাৰ কাঢ়ি লৈ যায় |
-    চৰকাৰে স্কুল, কলেজ, ৰাস্তা-পদূলিৰ বাবে যিখিনি ধন পঠিয়ায়, ঠিকাৰ নামত আধাতকৈ বেছি খাই থৈ দিয়ে |
-    গাত আচোঁৰ এটা নপৰোঁতেই গোটেই ৰাজ্যখন বন্ধ কৰি দিয়ে ১২ ঘন্টাৰ কাৰণে | অমান্য কৰিলে যান-বাহনৰ চিচা ভাঙে |
-    দেশ স্বাধীন কৰিবলৈ দুটামান গৈ সহস্ৰ পৰিয়ালৰ মানুহ মাৰি আজি ফাইভ ষ্টাৰ লাইফষ্টাইল লৈ জীয়াই আছে | আজি তেজ গৰম, আজি হুলস্থুল, কাইলৈ  SORRY?
-    বস্তাই বস্তাই বাকচে বাকচে ক’লা টকা, পেটত তথাপিও বিহ |
-    সঁচা আৰু মিছাৰ তফাত্‍ মানি ল’ব নোখোজা কিছুমানৰ মূখত অনবৰতে ধৰমৰ বাণী |
-    বেছিকৈ মূখ খুলিলে তৰ্ক কৰা আৰু নহয়, মূখতে নলী ভৰাই চিধা গুলী |

যিমান অপ্ৰাসংগিক যেন লাগিলেও মাজে মাজে সুধিবৰ বৰ মন যায়- “খাটি অসমীয়া” আৰু “খাটি খোৱা অসমীয়া”ৰ মাজত কিমানকণ পাৰ্থক্য আছে ?

No comments:

Post a Comment