কিবা এটা গঢ় দিবলৈ যিমানকণ সময় লাগে, গঢ় লৈ শেষ হোৱাৰ পিছত তাক উপভোগ কৰিবলৈ অথবা নষ্ট কৰি পেলাবলৈ তুলনামূলক ভাবে বহুত কম সময় লাগে |
- হাবি কাটি দীঘলীয়া ৰাস্তা এটা বনাবলৈ লাগে ২-৮ বছৰ, কিন্তু ভটভটিখনত উঠি ইমূৰৰ পৰা সিমূৰলৈ ২ ঘন্টাতে গৈ আহিব পাৰি |
- গান এটা লিখি, সুৰ দি, বাণীবদ্ধ কৰিবলৈ ৭ দিন বা ৩ মাহো লাগিব পাৰে, কিন্তু শুনিবলৈ লাগে মাত্ৰ ৩ বা ১০ মিনিট |
- পথাৰত কঠিয়াৰ পৰা পূৰঠ শস্য হ’বলৈ লাগে ৩-৫ মাহ, কুকাৰত সিজাবলৈ লাগে ১০-২০ মিনিট |
- চৰিত্ৰ গঢ় দিবলৈ সময় লাগে ওৰেটো জীৱন, স্খলন হ’বলৈ লাগে মাথোন এক ৰাতি |
- প্ৰেমে বিশ্বাসৰ ৰূপ ল’বলৈ লাগি যায় মাহ, বছৰ, যুগ; কিন্তু সম্পৰ্ক ছেদ হ’বলৈ লাগে এখন মাথোন কাজিয়া |
- জীৱনত প্ৰাণ সঞ্চাৰ কৰি সুন্দৰকৈ জীয়াই থাকিব পাৰি ১২০ বছৰ পৰ্যন্ত, কিন্তু সেই জীৱন শেষ কৰি দিব পাৰি এক মূহুৰ্ততে বা মাথোন এটি বুলেটৰ সহায়ত |
ইমানেই থুনুকা মানৱ-জীৱন, ইমানেই ক্ষণস্থায়ী মানুহৰ প্ৰেম, ইমানেই অল্পম্যাদী মানুহৰ সুখ, তথাপি আমাৰ জেহনত জীয়াই থকাৰ তাড়না অবিৰাম, যুঁজ দিয়াৰ সাহস অফুৰন্ত, প্ৰেম বিচাৰি ফুৰাৰ হাবিয়াস সমুদ্ৰ-সমান | ইমানেই যদি ভাল পাওঁ আমি নিজকে আৰু আমাৰ ভালপোৱা বোৰক; গঢ় দিবলৈ ইমান বেছি সময় লগা বস্তুবোৰ আমি নিমিষতে শেষ কৰি দিয়াৰ আগতে এবাৰ হ’লেও ভাবি চোৱা উচিত নহয় নে? আমাৰ প্ৰতিটো সিদ্ধান্তই আন কাৰোবাৰ বাবে হ’ব পাৰে এক বিপ্লৱ- সলনি কৰি পেলাব পাৰে এক সময় | ইমান যদি সামৰ্থ্য আছে আমাৰ চিন্তাত, তেনেহ’লে সেই চিন্তাবোৰক সঠিক পথ দেখুওৱাৰ দায়িত্ব কাৰ?
- কেৱল আমাৰ ...
SANTANU CHANGMAI
SANTANU CHANGMAI
No comments:
Post a Comment