March 4, 2013

Balmiki Chapter One


Excerpt 



দ্ৰুত গতিত আগুৱাই অহা মানুহটোক ড’জ দি তাৰ শৰীৰটো এক বিশেষ কৌণিক ভংগীমাত বেঁকা হৈ গ’ল…

মানুহটোৱে জোৰেৰে ঘূৰোৱা হকী ষ্টিকডাল তাৰ হাউলি থকা শৰীৰৰ ওপৰেৰে চোঁ-চোৱাই পাৰ হৈ গ’ল…

ষ্টিকডাল পুনৰ চম্ভালিব পৰাৰ আগতেই তাৰ বাওঁভৰিৰ গোৰোহাটো জোতাৰে সৈতে মানুহটোৰ বাওঁগালত সশব্দে পৰিলহি। কেইটা দাঁতৰ সিৰা ছিঙিল ষ্টিক লৈ থকা মানুহটোৱেহে পিছত ক’ব পাৰিব। সমৰকলাৰ ভাষাত এক দুৰ্দান্ত ’ৰাউণ্ড কিক্‍’... সাধাৰণ মানুহৰ শৰীৰে ইমান ম’মেন্টাম থকা কিক সহ্য কৰিব পৰাটো প্ৰায় অসম্ভৱ! এই মানৱ শৰীৰটোৰ ক্ষেত্ৰতো কোনো বতিক্ৰম নঘটিল। কৰ্ফাল খাই ভূলুন্ঠিত হোৱা শৰীৰটোৰ পৰা ছিঙি যোৱা দাঁত আৰু নিগৰি অহা তেজ বাটৰ ধূলিৰ লগত মিহলি হ’ব ধৰিলে।

Read the Entire chapter here: 



November 22, 2012

অবিচাৰ, অসন্তোষ ইত্যাদি



১/ সম্পাদক নাপাতিব 

ছইফ আলি খানক পদ্মশ্ৰী বঁটা দিয়াৰ দিনা চাগে বহুতে ৰাতি আহাৰ গ্ৰহণ কৰিব পৰা নাছিল। বহুতৰ আজৰি সময়ৰ আড্ডাৰ ই এক মুখৰোচক বিষয়লৈ পৰিণত হৈছিল। খানে পইচা খুৱাইছে, ল’বী কৰিছে, আজিকালি চব কিনিব পাৰি- আদি গুজবেৰে মাহোল কিছু গৰম হ’ল। কিন্তু পৰিণতি? বঁটা-টো পালে খানে, সাধাৰণ মানুহবোৰে বেলেগ গৰম খবৰৰ হেঁচাত সেই কথাটো পাহৰি পেলালে... কিন্তু পাহৰিব হয়তো নোৱাৰিলে পদ্মশ্ৰী লাভ কৰাৰ যোগ্যতা ৰখা কেইজন মান মানুহে। পাহৰিব নোৱাৰাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ’ল Undeserving Candidate এজনে যেতিয়া কিবা এটা পুৰস্কাৰ নাইবা পদবী পায়, তেতিয়া Deserving Candidate সকলৰো মুখ তিতা হৈ পৰে।  

অসম সাহিত্য সভাৰ কথাকে ধৰক- তাত চলি অহা ল’বী, ৰাজনীতি, কেঁকোৰা-পন্থীক লৈ সচেতন মহলৰ বেছি ভাগেই উদ্বিগ্ন | আমাৰ সংস্থাত তেনে অন্যায় হ’বলৈ নিদিম বুলি খোলা হৈছে নতুন সাহিত্যৰ বাটচ’ৰা, প্ৰতিষ্ঠান, ফেচবুক গ্ৰুপ, আলোচনী, কাৰ্যালয় | কিন্তু সঁচা অৰ্থত সম্পৰ্ক, তোষামোদ, ভালৰি-বুলোৱা, চিফাৰিশ আদিৰ উৰ্দ্ধত উঠি এনে কাম কৰা জানো সম্ভৱপৰ? একক প্ৰচেষ্টাত হয়তো সম্ভৱ, কিন্তু অনুসৰণকাৰীৰ সংখ্যা বাঢ়ি গৈ থকাৰ লগে লগে নিৰ্ণয়বোৰ লোৱা কঠিন হৈ পৰে | এইটো কথা ঠিক যে সকলোকে সন্তুষ্ট কৰি ৰাখিব পৰাটো এক অসম্ভৱ কাৰ্য | কিন্তু সেইবুলিয়েই যি ভেঁটিত অনুষ্ঠান এটি গঢ় দি সংকল্প লোৱা হয়, পিছত সেই ভেঁটিত অট্টালিকা থিয় দি উঠিলেও বুনিয়াদী নিষ্ঠা, মৰ্যাদা আৰু সিদ্ধান্তখিনি পাহৰি যোৱাটো উচিত নহয়। 

কিছুমান মানুহে এক সংস্থানক আপোন বুলি আকোঁৱালি লৈ বীজ ৰোপণ কৰাৰে দিনৰ পৰা সেই সংস্থানৰ উন্নতিৰ কাৰণে কাম কৰি যায়, নিজৰ ফালৰ পৰা পাৰ্যমানে অৱদান আগবঢ়ায়, কিন্তু পিছত যেতিয়া তেওঁ লক্ষ্য কৰে যে তেওঁতকৈ বহু পিছ্ত অহা, কম লায়ক আৰু অযোগ্য মানুহে সেই সংস্থানৰ মুৰব্বীৰ আসনত পুষ্পবৃষ্টিৰ মাজত বহিবলৈ পায়গৈ আৰু তাকে পাই তেওঁ নিজকে চিন্দবাদৰ লগত ৰিজাবলৈ আৰম্ভ কৰে, তেতিয়া সেই আৰম্ভণিৰে পৰা নি:স্বাৰ্থভাৱে কাম কৰি অহা মানুহবোৰে অন্তৰত খুব দুখ পায়; ছইফ আলি খানে পদ্মশ্ৰী পাওঁতে যোগ্যজনে পোৱা বেজাৰৰ দৰেই। 

মানুহৰ মনবোৰ কোমল, ঋণাত্মক সিদ্ধান্তৰ পৰা মানুহে ইচ্ছা কৰিলেও হাত সাৰি যাব নোৱাৰে। তেনেকৈয়ে ঋণাত্মক সিদ্ধান্তৰ বলি হ’ব লগীয়া মানুহবোৰৰ মনবোৰো তীখাৰে গঢ়া নহয়- তেওঁলোকৰো আস্থা, বিশ্বাসত গভীৰ ক্ষত-চিহ্নৰ সৃষ্টি হয় | কথাবোৰ যুক্তিৰে খণ্ডন কৰাতকৈ চিন্তা কৰিবলগীয়া কথা হে | যি খিনি সপোন আগত ৰাখি যি নিষ্ঠাৰে সংগঠন এটাৰ প্ৰাৰম্ভ কৰা হয়, পিছত মানুহে তাৰ নাম শুনিব নোৱাৰা হয় কেইজনমানৰ মইমতালিৰ বাবেই।

ড০ ভবেন্দ্ৰনাথ শইকীয়াকো পাছলৈ সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰিবলৈ অৱসৰ দিয়া হৈছিল। তেখেতে যি কাৰণেই নেদেখুৱাওক কিয়, তেওঁ সাহিত্য সভাৰ সোণালী ফলকত নিজৰ নাম খোদাই থৈ যোৱাতকৈ নিজৰ স্বাভিমানক সন্মান কৰিবলৈ হে সিদ্ধান্ত গ্ৰহণ কৰিলে। 












November 20, 2012

সময় আৰু সিদ্ধান্ত (অনুভৱ)




কিবা এটা গঢ় দিবলৈ যিমানকণ সময় লাগে, গঢ় লৈ শেষ হোৱাৰ পিছত তাক উপভোগ কৰিবলৈ অথবা নষ্ট কৰি পেলাবলৈ তুলনামূলক ভাবে বহুত কম সময় লাগে | 


- হাবি কাটি দীঘলীয়া ৰাস্তা এটা বনাবলৈ লাগে ২-৮ বছৰ, কিন্তু ভটভটিখনত উঠি ইমূৰৰ পৰা সিমূৰলৈ ২ ঘন্টাতে গৈ আহিব পাৰি |

 
- গান এটা লিখি, সুৰ দি, বাণীবদ্ধ কৰিবলৈ ৭ দিন বা ৩ মাহো লাগিব পাৰে, কিন্তু শুনিবলৈ লাগে মাত্ৰ ৩ বা ১০ মিনিট |


- পথাৰত কঠিয়াৰ পৰা পূৰঠ শস্য হ’বলৈ লাগে ৩-৫ মাহ, কুকাৰত সিজাবলৈ লাগে ১০-২০ মিনিট |


- চৰিত্ৰ গঢ় দিবলৈ সময় লাগে ওৰেটো জীৱন, স্খলন হ’বলৈ লাগে মাথোন এক ৰাতি |


- প্ৰেমে বিশ্বাসৰ ৰূপ ল’বলৈ লাগি যায় মাহ, বছৰ, যুগ; কিন্তু সম্পৰ্ক ছেদ হ’বলৈ লাগে এখন মাথোন কাজিয়া |


- জীৱনত প্ৰাণ সঞ্চাৰ কৰি সুন্দৰকৈ জীয়াই থাকিব পাৰি ১২০ বছৰ পৰ্যন্ত, কিন্তু সেই জীৱন শেষ কৰি দিব পাৰি এক মূহুৰ্ততে বা মাথোন এটি বুলেটৰ সহায়ত |
ইমানেই থুনুকা মানৱ-জীৱন, ইমানেই ক্ষণস্থায়ী মানুহৰ প্ৰেম, ইমানেই অল্পম্যাদী মানুহৰ সুখ, তথাপি আমাৰ জেহনত জীয়াই থকাৰ তাড়না অবিৰাম, যুঁজ দিয়াৰ সাহস অফুৰন্ত, প্ৰেম বিচাৰি ফুৰাৰ হাবিয়াস সমুদ্ৰ-সমান | ইমানেই যদি ভাল পাওঁ আমি নিজকে আৰু আমাৰ ভালপোৱা বোৰক; গঢ় দিবলৈ ইমান বেছি সময় লগা বস্তুবোৰ আমি নিমিষতে শেষ কৰি দিয়াৰ আগতে এবাৰ হ’লেও ভাবি চোৱা উচিত নহয় নে? আমাৰ প্ৰতিটো সিদ্ধান্ত‍ই আন কাৰোবাৰ বাবে হ’ব পাৰে এক বিপ্লৱ- সলনি কৰি পেলাব পাৰে এক সময় | ইমান যদি সামৰ্থ্য আছে আমাৰ চিন্তাত, তেনেহ’লে সেই চিন্তাবোৰক সঠিক পথ দেখুওৱাৰ দায়িত্ব কাৰ?


- কেৱল আমাৰ ...




SANTANU CHANGMAI



আত্মাৰ গান (অনুভৱ)




আজি নতুন হৈ থকা বস্তুবোৰ কাইলৈ পুৰণি হৈ যাব | আজি চিকচিকীয়া হৈ থকা আচবাবত কালি ঘূণে ধৰিব, আজি লাজত ওৰণি লৈ থকা ন-ছোৱালীয়ে কাইলৈ গোটেই সংসাৰখন চম্ভালিব পৰা হৈ যাব, থুপুক থাপাককৈ দেউতাকৰ আঙুলিত ধৰি খোজ কঢ়া সৰু কেঁচুৱাটো কাইলৈ মটৰ-চাইকেলত বহি ঘন্টাত ৯০ কি.মি. গতিবেগত উৰি যাব পৰা হ’ব, আজি তোলা ফটোবোৰ কাইলৈ স্মৃতি হৈ ৰ’ব, আজি লিখা চিঠিবোৰত কাইলৈ ৰঙচুৱা দাগ পৰিব |

নতুন নতুন দিনবোৰত নতুন নতুন ঘটনা ঘটিব, নতুন মানুহৰ লগত চিনাকি হোৱা যাব, বজাৰত অত্যাধুনিক সামগ্ৰী দেখি চকু কপালত উঠিব | আপোন বুলি ভবা কিছুমান মানুহ দূৰলৈ আঁতৰি যাব, ভুল বুজি থকা মানুহ এজনৰ লগত মধুৰ সম্পৰ্ক স্থাপন হ’ব, কেইজনমান সহযাত্ৰী কালৰ বুকুত চিৰদিনৰ বাবে হেৰাই যাব |

পৰিবৰ্তনে জীৱনক ৰেহাই নিদিয়ে, প্ৰায় সকলোখিনিয়েই সলনি হ’ব | ক’লা চুলি ৰূপালী হ’ব, হাড়বোৰ কমজোৰ হ’ব, চকুত চলিহাই ধৰিব, স্মৃতি-বিভ্ৰম হ’ব | কিন্তু সলনি নহয় আপোনাৰ ভিতৰত থকা স্বাভিমান, “মই” বুলি অনুভৱ কৰা কথাখিনি, সলনি নহয় আপোনাৰ আত্মাৰ | আপোনাৰ নিজস্ব আত্মাৰ সতে কৰা বন্ধুত্ব চিৰযুগমীয়া হৈ থাকি যাব, সময়বোৰ যিমান পুৰণি হ’লেও আত্মাৰ সতে বুজাবুজি চিৰসেউজ হৈ থাকিব | 

SANTANU CHANGMAI
20th Nov, 2012
http://www.facebook.com/santanu.changmai2