একেবাৰে গাঁৱলীয়াৰ দৰে প্ৰাথমিক কথা দুটামান লিখিম। বেছিভাগে নুবুজিব পাৰে, বা বেয়া পাবও পাৰে- কিন্তু হয় নে নহয় ২ মিনিট চিন্তা কৰি চাব।
মাটিত পানী ঢালি খচি কোমল কৰি যিকোনো ৰূপ দিব পাৰি।
আপুনি সেই মাটিৰে কলহ সাজিব পাৰে, সৰুতে আমি স্কুলত বনোৱাৰ দৰে কল, আপেল, ৰঙালাওৰ আকৃতি সাজিব পাৰে, মূৰ্তি সাজিব পাৰে... দা, কুঠাৰ, গাড়ী, ঘৰ, গোলাকাৰ, ত্ৰিভুজ- যি মন যায় আকাৰ দিব পাৰে, নহয় নে?
তাৰ পাছত আমি সেই আকাৰ দিয়া মাটিৰ টুকুৰাটো শুকাবলৈ দিওঁ, জুইত পুৰি পেলাওঁ- যাতে টান হৈ থাকে।
এবাৰ আকাৰ লোৱা, টান হৈ পৰা মাটিৰ টুকুৰাটোক অন্য আকাৰ দিবলৈ গ’লে কিন্তু সি ভাগি যোৱাৰ সম্ভাৱনা হে অধিক।
Say NO to ragging |
আমি কোমল মাটি কেতিয়া হৈ থাকোঁ?
- আমাৰ ছাত্ৰ-জীৱনটোত, নহয় নে?
আমি কাৰ পৰা শিকি শিকি নিজকে নিজে গঢ় দিওঁ? শিক্ষক, অভিভাৱক, কিতাপ, প্ৰকৃতি, বন্ধু, ছিনিয়ৰ, চুবুৰীয়া, প্ৰেম, অভিজ্ঞতা, টিভি, ম’বাইল, মীডিয়া- আটাইৰে ভূমিকা আছে কোমল মাটিক এক আকাৰ দিয়াৰ।
জানি হওক, নাজানি হওক, আমি আনৰ দ্বাৰা প্ৰভাৱিত, আৰু আমিও আনক প্ৰভাৱিত কৰোঁ।
এই ছাত্ৰ-জীৱনত INPUT কি গৈছে, সেইটোৱেই দুগুণ বা কেইবাগুণ OUTPUT হৈ ওলাই আহে।
ইংৰাজীত কথা এষাৰ আছে, GARBAGE IN, GARBAGE OUT.
ছাত্ৰ-জীৱনত যাতে অযথা, বেকাৰ, ফকটীয়া গাৰবেজ কোনোপধ্যেই মগজত নোসোমায়, সেইটো চেষ্টা চলাব লাগে। আমি যে বেকাৰ, ব্যৰ্থ জীৱনৰ দিশে ধাৱিত, আমি যে এটা চাকৰিত সোমোৱাৰ বাহিৰে জীৱনটোত বিশেষ আন একো কৰিবলৈ সক্ষম নহ’ম, আমি যে প্ৰেমৰ অযোগ্য- এনে নানান নিগেটিভ কথা এই ছাত্ৰ-জীৱনতে আমি শিকোঁ।
আৰু এক সন্ধিক্ষণত, ক্লাছ এইটৰ পৰা টুৱেলভৰ মাজতে চিনাকি কৰাই দিয়া হয়- বীয়েৰ, হুইস্কী, ভ’ডকা, চিগাৰেট, ভাং--- আদি অলাগতিয়াল (হয়, অলাগতিয়াল। কোনফালৰ পৰা লাগতিয়াল, কওকচোন?) পদাৰ্থ কিছুমানৰ সৈতে। যেনেকৈ ২ কেজি বহন কৰিব পৰা পলিথিন এটাত ৪ কেজিৰ কোমোৰা এটা ভৰালে ফাটি থাকে, তেনেকৈয়ে এই কোমল মাটিৰ ছাত্ৰজনক আপুনি (আপুনি চাগে বন্ধু, চুবুৰীয়া বা ছিনিয়ৰ) অলপ অলপকৈ সুৰা, চিগাৰেট, ড্ৰাগছৰ ড’জ ল’বলৈ শিকাই সেয়া "NORMALIZE" কৰি দিয়ে। বোলে বন্ধু--- এয়াই জীৱন! এইটোৱেই লাইফ। ট্ৰেজেডী ত’ থাকিবই। মালটো ত’ খাব লাগিবই।
যেনেকৈ আমি ছাত্ৰ-অৱস্থাত শিকা অ আ ক খ, ১, ২, ৩, ৪ জীৱনত পাহৰিব নোৱাৰোঁ- তেনেকৈয়ে এইটো কালত লগাই লোৱা বেয়া অভ্যাসবোৰ জীৱনলৈ থাকিয়েই যায়।
আপোনালোকৰ মাজৰ কোনোবা এজনে মোক বুজাই দিয়কচোন- হায়াৰ ছেকেণ্ডাৰীয়েই হওক, বা কলেজ বা ইউনিভাৰ্ছিটীয়েই হওক, ভাড়াঘৰেই হওক, হোষ্টেলেই হওক--- এই মদটো, চিগাৰেটটো--- (এই ধৰক ২১ বছৰলৈকে এটা লিমিট দি দিছোঁ) খোৱাটোৰ প্ৰয়োজন কি? আছে জানো প্ৰয়োজন?
NORMALIZE হৈ হৈ জুনিয়ৰক থাপ্পৰটো, গোৰটো দিয়া, দুপেগ টানিবলৈ শিকাই দি তাক অভ্যাসত পৰিণত কৰোৱা- এইবোৰৰ দায়িত্ব তুমি কেতিয়াবা মূৰ পাতি ল’বা নে? যদি নোলোৱাই- এ, সমাজখন এনেকুৱাই। নিগেটিভ। চব বেইমান। চবে ঘোচ খায়। চবে দুৰ্নীতি কৰে। চব ধোখেবাজ, চব মদাহী--- এইবোৰ কোনে জন্ম দিলে?
তুমি জন্ম দিলা। অবৈধ পিতৃ তুমি।




